কলিয়াবৰ/বাঘবৰঃ যোৱা ১৭ জুলাইত বৰশী বাবলৈ টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি আকাশ ৰায় নামৰ লখিমপুৰ জিলাৰ ১নং কাৱৈমাৰীৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰৰ থিতাতে মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰাই পথত পৰি থকা তাৰত লাগি এজন লোকৰ মৃত্যু হোৱাৰ লগতে শিশু সহ পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাত ৰাজ্যত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যোৱা ১৪ জুলাইত গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি তাৰত লাগি চিৰিয়াখানাৰ ওচৰত পুষান কলিতা আৰু আনোৱাৰ হুছেইনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে প্ৰায় ৪১ গৰাকী লোকে বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যু মুখত পৰিছে।