ডিজিটেল ডেস্কঃ শৌচালয়ৰ প্ৰয়োজনীয়তাৰ সৈতে মহিলাৰ সন্মানৰ সম্পৰ্ক কি? তাকেই ক’বলৈ বুলি স্বচ্ছ ভাৰত অভিযানৰ এক অনুষ্ঠানলৈ গৈছিল বিহাৰৰ ঔৰংগাবাদ জিলাৰ উপায়ুক্ত কানৱাল তনুজ। কিন্তু অনুষ্ঠানটোলৈ গৈ তেওঁ শৌচালয়ৰ যি প্ৰয়োজনীয়তাৰ কথা বুজাবলৈ গ’লে সেয়া কেৱল নিন্দনীয়ই নহয়, লজ্জাজনকো।
নিজৰ ভাষণত উপায়ুক্ত গৰাকীয়ে গাঁওবাসীক উদ্দেশ্যি কয়, ‘যদি পাৰে তেন্তে নিজৰ পত্নীৰ সম্ভ্ৰম ৰক্ষা কৰক। আপুনি কিমান দৰিদ্ৰ? আপোনাৰ পত্নীৰ মূল্য যদি ১২,০০০ টকাতকৈ কম মূল্যৰ হয় তেন্তে হাত দাঙক। আগতে মোৰ কথাটো শুনক, তাৰ পিছত হাত দাঙিব। এনে কোনো আছে নে, যিয়ে ক’ব পাৰিব যে মোক ১২,০০০ টকা দিয়ক আৰু বিনিময়ত মোৰ পত্নীৰ সম্ভ্ৰম লওক। আছে নে এনে কোনো লোক?’