ছয়গাঁওঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ টপাৰ পথাৰত অগপ দলৰ এক সভাত প্ৰাক্তনস্বাস্থ্য মন্ত্ৰী ডাঃ কমলাকান্ত কলিতাই কয় যে অসম গণ পৰিষদৰ নীতি-আদৰ্শৰ লগত অান দলৰ মিল নাই। আজি বিয়লি টপাৰ পথাৰ বজাৰ প্ৰাংগণত অসম গণ পৰিষদৰ আচলপাৰা জোৰশিমুলী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে আচলপাৰা আঞ্চলিকৰ অগপ দলৰ সভাপতি লোকমান হিকমে আৰু উদ্দেশ্য ব্যাখ্যা কৰে এক্কাবৰ আলীয়ে।
ডাঃ কমলাকান্ত কলিতাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে বিজেপিৰ বসন পিন্ধি একাংশ কংগ্ৰেছীয়ে দালালগিৰি আৰম্ভ কৰিছে। কলিতাই লগতে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ভোট দি লাভ নাই, তাতকৈ আঞ্চলিক দল অগপক ভোট দি শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায়। এ আই ইউ ডি এফ দলৰ মুৰব্বী সংসদ বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে আজমল আৰু তেওঁৰ ভাতৃ-পুত্ৰই নিৰ্বাচনত জিকি সংখ্যালঘু লোকৰ বাবে কি কৰিছে বুলি তীব্ৰ সমালোচনা কৰে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।