newsnextone.com | গৰৈমাৰিঃ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰে বাৰে কৈ আহিছে যদিও এই কথাক ভ্ৰুক্ষেপ নকৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী আৰু মন্ত্ৰী-বিধায়কে নিতৌ বৰ বৰ কথা কৈ শিৰোনাম দখল কৰি আহিছে৷ চমক সৃষ্টিৰ বাবে বৰ বৰ কথা কয় যদিও তেনে কথা প্ৰকৃততে পূৰণ কৰিব পাৰেনে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে৷ দেখা যায় যে চৰকাৰ খনে তেনে প্ৰতিশ্ৰুতি পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ বিশেষকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে কৰ্ম সংস্কৃতিৰ কথা কয় যদিও চৰকাৰী কাৰ্যালয়ত কৰ্ম-সংস্কৃতি আজিও দেখা পোৱা নাযায়৷
ৰাজ্যৰ বহু কাৰ্যালয়ত কৰ্ম-সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিলে চকু কপালত উঠে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰ্ম সংস্কৃতিৰ নমুনা দেখা যায় কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰিত৷ গৰৈমাৰিত বহু কাৰ্যালয়লৈ আহিলে কৰ্ম সংস্কৃতিৰ নমুনা নিজেই প্ৰত্যক্ষ কৰিব পৰা যায়৷ গৰৈমাৰিত বহু কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে বহু পলমকৈ কাৰ্যালয়লৈ আহি সময়ৰ পূৰ্বে কাৰ্যালয় এৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ তাৰ মাজতে পোহৰলৈ আহিছে এটি চৰকাৰী কাৰ্যালয় যোৱা ২৪ মাহ ধৰি বন্ধৰ হৈ থকা দৰে কাণ্ড৷ এদিন দুদিন নহয় ২৪মাহে বন্ধ হৈ আছে এটি কৃষি বিভাগৰ কাৰ্যালয়৷ বিষয়া, সম্প্ৰসাৰণ কৰ্মীয়ে ঘৰতে বহি দৰমহা ভোগ কৰি আহিছে বুলি জানিব পৰা গৈছে৷ অসম চৰকাৰৰ কৃষি বিভাগৰ গৰৈমাৰি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় যোৱা প্ৰায় ২৪ মাহ ধৰি তলা ওলমি আছে৷