newsnextone.com | দিচাংমুখঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল ৰাজ্য৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণ৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত দল আৰু চৰকাৰৰ বিৰুদ্ধে৷ আই মাতৃ আজি ক্ষোভিত চৰকাৰৰ বিৰুদ্ধে৷
অসমৰ বিভিন্ন দল-সংগঠন অবৈধ নাগৰিকক অসমত সংস্থাপন কৰিব বিছৰা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৭ মে’ত অসমৰ ৰাইজে যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত মত প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷