48
অনলাইন ফিচাৰ্ছঃ ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফলত মানৱ সভ্যতালৈ সংকট নামি আহিব পাৰে।’ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাক লৈ বহুসংখ্যক বিশেষজ্ঞই এনে আশংকা ব্যক্ত কৰা দেখা গৈছে। এনে সতৰ্কবাণী আগবঢ়োৱাসকলৰ ভিতৰত অপেনএআই আৰু গুগল ডিপমাইণ্ডৰ মুৰব্বীসকলো আছে।
‘চেণ্টাৰ ফৰ এআই ছেফটি’ৰ ৱেবছাইটত এই সন্দৰ্ভত আগবঢ়োৱা মন্তব্য প্ৰকাশ পাইছে। অধিকাংশ বিশেষজ্ঞই এই মন্তব্যক লৈ নিজৰ সন্মতিও ব্যক্ত কৰিছে।