নতুন দিল্লীঃ চলিত বৰ্ষৰ ৩ জুনত ভাৰতীয় বায়ুসেনাৰ নামৰ এএন-৩২ বিমানখন অৰুণাচলৰ আকাশ মাৰ্গৰপৰা সন্ধাহীন হৈ পৰিছিল৷ প্ৰায় বহুদিন ধৰি তদন্তৰ অভিযান চলাই থকা এই বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে৷
ৰুছৰ দ্বাৰা নিৰ্মিত এএন-৩২ বিমানখন ৩ জুনত অৰুণাচল মাৰ্গেদি যাত্ৰা কৰাৰ পথত নিখুজ হৈ পৰিছিল৷ এনে এক ঘটনাৰ পাছত উদ্ধাৰকাৰী দলসমূহে বিমানখন সন্ধান কৰিবলৈ অভিযান আৰম্ভ কৰিলে৷ অৱশেষত অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ লাইপু অঞ্চলৰপৰা ১৬ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল৷ আনহাতে, সাগৰীয় পৃষ্ঠৰপৰা প্ৰায় ১২ হাজাৰ ফুটৰপৰা বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰিলে উদ্ধাৰকাৰী দলে৷