মৰিয়নীঃ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণৰ স্বাস্থ্যক লৈ হেতালি খেলিছে যোৰহাট তিতাবৰৰ এটা খোৱা পানী প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে। ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ২ তাৰিখে তিতাবৰ ৰঙাজান হাটীচুঙী গাঁওত অৱস্থিত জি.এম ইণ্ডাষ্টীজ নামৰ খোৱা পানী প্ৰস্তুতকাৰী কোম্পানীটোৰ দ্বাৰা উৎপাদিত দুশ মিলি লিটাৰ বটলৰপৰা, আধা লিটাৰ, এক লিটাৰ, দুই লিটাৰ আৰু বিশ লিটাৰ পানী বটলৰ ওপৰত STOP MARKING ঘোষণা কৰি উৎপাদন আৰু প্ৰচলন স্থগিত ৰখাৰ ঘোষণা কৰিছিল।
উল্লেখ্য যে ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দৰ দ্বাৰা কৰা পৰীক্ষণৰ সময়ত জি.এম ইণ্ডাষ্ট্ৰীজৰ দ্বাৰা উৎপাদিত ইচলে কোম্পানীৰ খোৱা পানীত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা আৰ্চেনিক ধৰা পৰাত কোম্পানীটোক উৎপাদন আৰু প্ৰচলন বন্ধ কৰিবলৈ নিদেৰ্শ প্ৰদান কৰি থৈছে। আনহাতে, ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে পুনৰ পৰীক্ষণত কোম্পানীটোৰ পানী উত্তীৰ্ণ হ’লেহে কোম্পানীটোৱে পানী উৎপাদন আৰু প্ৰচলন কৰিব পাৰিব বুলিও নিৰ্দেশ দি থৈছে।