কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু বোকাজান আঞ্চলিক সমিতিৰ সহযোগত বুধবাৰে বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ছয়গাঁৱৰ আচলপাৰাৰ ঘটনাৰ উচিত ন্যায়ৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ অসমীয়া শিল্পী দলক উলংগ হৈ নাচিবলৈ কোৱা তথা শিল্পীৰ দলটোক কৰা এনে অশালীন মন্তব্য আৰু ব্যৱহাৰৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ 

দিনৰ ১১ বজাৰপৰা ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ লগতে বোকাজান আঞ্চলিক সমিতিৰ সদস্যসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ সংস্কৃতিৰ নামত অপ-সংস্কৃতি বন্ধ কৰক, সংস্কৃতিৰ নামত ব্যাভিচাৰ ৰোধ কৰক, নাৰী সুৰক্ষা নিশ্চিত কৰক, শিল্পীক সন্মান প্ৰদান কৰক, দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ 

কাৰ্যসূচীত উপস্থিত যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে কয় যে ছয়গাঁৱৰ আচলপাৰাৰ ঘটনাৰ দোষী ব্যক্তিয়ে শাস্তি পাবই লাগিব৷ শিল্পীক কৰা অপমান কেতিয়াও সহ্য কৰা নহ’ব৷ সাম্প্ৰতিক সময়ত অসমৰ খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক হিন্দু আৰু মুছলিম বিদেশীয়ে কৰা আক্ৰমণৰ ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰিছে৷ অসমত অবৈধ হিন্দুৱেই হওঁক বা মুছলিমেই হওঁক সকলোকে খেদিব লাগিব৷ বিভিন্ন ৰাজনৈতিক দলসমূহে আবেগিক কথাৰে অসমৰ মানুহকলৈ ৰাজনীতি কৰাতকৈ অসমত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ দৰে এখন আইন প্ৰণয়ন কৰিব লাগে য'ত অসমৰ খিলঞ্জীয়াৰ প্ৰভূত থাকিব বুলিও ছাত্ৰ নেতাগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে তেনে এখন আইন বাস্তৱত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলো খিলঞ্জীয়া অসমীয়া এক হৈ চৰকাৰক হেঁচা দিব লাগিব৷ যাতে অসমত ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ব্যৱসায়-বাণিজ্যৰ অধিকাৰ আদি এশ শতাংশ থলুৱা মানুহৰ হাতত থাকে৷ 

তেতিয়াহে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰা দুস্কৃতিকাৰীয়ে সমীহ কৰি চলিব৷ আজিৰ তাৰিখত অসমৰ ভূমিপুত্ৰ কাৰ্বি, বড়ো, মিচিং, ডিমাছা আদিয়ে কাৰ ভূলৰ বাবে অসমৰপৰা আঁতৰি যাব বিচাৰিছে বুলিও তেখেতে প্ৰশ্ন কৰে৷ আজিৰ এই তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু সাধাৰণ সম্পাদক অপূৰ্ব দাসৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ 

স্মাৰক পত্ৰৰ জৰিয়তে যোৱা ৭ জুন তাৰিখে ছয়গাঁৱৰ আচলপাৰাত ঈদৰ নামত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আমন্ত্ৰিত শিল্পীসকলক অপমান আৰু বিবস্ত্ৰ হৈ নৃত্য পৰিবেশন কৰিবলৈ জোৰ কৰা পৰিস্থিতিৰ যি ঘটনা সংঘটিত কৰিলে তাৰ দোষী ব্যক্তিসকলক অতিশীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়৷ বিশেষকৈ চৰ অঞ্চলত গঢ়ি উঠা সংস্কৃতিৰ নামত অপ-সংস্কৃতিয়ে শান্তিপ্ৰিয় অসমখনৰ পৰিবেশ বিনষ্ট কৰিছে বুলিও পৰিষদে অভিযোগ উত্থাপন কৰাৰ লগতে অনুষ্ঠান অনুষ্ঠিত কৰাৰ নামত শিল্পীসকলক কৰা অপমান, অত্যাচাৰ আৰু নিৰ্যাতন সংঘটিত কৰা ছয়গাঁৱৰ আচলপাৰাৰ ঘটনাৰ লগত জড়িত দোষী ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ স্মাৰক পত্ৰৰ জড়িয়তে সংগঠনটোৱে দাবী জনায়৷

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলং