নতুন দিল্লীঃ লোকসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা মোডী চৰকাৰৰ মন্ত্ৰীমণ্ডলৰ বুধবাৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হয়৷ বুধবাৰে বিয়লি ৪ বজাত কেবিনেটৰ সভা আৰু ৫ বজাত বৈঠক আৰম্ভ হ’ব৷ এই সভাত প্ৰধানমন্ত্ৰী মোডীয়ে মন্ত্ৰীসকলৰ মেনিফেষ্ট’ত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰ কৰিবলৈ কোৱাৰ লগতে ১০০ দিনৰ একচন প্লেনৰ কথাও আলোচনা কৰিব৷

উক্ত সভাত জ্যেষ্ঠ মন্ত্ৰীসকলে তেওঁলোকৰ পাছৰ মন্ত্ৰীসমূহক দায়িত্ব ভাৰ দিব৷ আনহাতে মুছলমান সম্প্ৰদায়ৰ তিনি তালাকৰ বিষয়েও আলোচনা কৰা হ’ব জানিব পৰা গৈছে৷ এই আইনখন লোকসভাত পাছ হ’ল যদিও ৰাজ্যসভাত কাম হোৱা নায়৷