Home অন্যান্য খবৰঅত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ

by News Desk
85 views
A+A-
Reset

News next one – পেট্ৰল-ডিজেলকে আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এআইএছএফ, এআইৱাইএফৰ ৰাজ্যজোৰা প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, অসমৰ ৰাজহুৱা উদ্যোগ বিক্ৰী, উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ সম্পৰ্কীয় অচলাৱস্থা, ক’ভিড প্ৰতিষেধক সৰলোৰে বাবে সহজলভ্য কৰাৰ দাবীত আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন আৰু নিখিল ভাৰত যুৱ ফেডাৰেচনে ৰাজ্য জুৰি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু এআইৱাইএফৰ ৰাজ্যিক সম্পাদক অজয় বৰাই জনাইছে। সংগঠন দুটাৰ বিভিন্ন জিলাৰ সদস্য সকলে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাকে আদি কৰি , অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, অসমৰ জাতীয় সম্পদ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰা, জাগীৰোড-কাছাৰ কাগজ কলৰ নিলাম বন্ধ কৰা, ৰাজহুৱা উদ্যোগৰ ব্যক্তিগতকৰণ বন্ধ কৰা, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ্থী সকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি নিদিয়া, বিকল্প মূল্যায়ন পদ্ধতিৰে প্ৰাপ্ত নম্বৰ সকলো নিযুক্তিৰ বাবে গ্ৰহণযোগ্য কৰা আদি শ্লোগান লিখি প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটতো এআইএছএফৰ বহুকেইখন আঞ্চলিকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি জিলা সম্পাদক যদু বৰাই জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0