গোলাঘাট – পেট্ৰল-ডিজেলকে আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এআইএছএফ, এআইৱাইএফৰ ৰাজ্যজোৰা প্ৰতিবাদ
অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, অসমৰ ৰাজহুৱা উদ্যোগ বিক্ৰী, উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ সম্পৰ্কীয় অচলাৱস্থা, ক’ভিড প্ৰতিষেধক সৰলোৰে বাবে সহজলভ্য কৰাৰ দাবীত আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন আৰু নিখিল ভাৰত যুৱ ফেডাৰেচনে ৰাজ্য জুৰি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু এআইৱাইএফৰ ৰাজ্যিক সম্পাদক অজয় বৰাই জনাইছে।