কোকৰাঝাৰঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ড গাঁওৰ মণিৰুল ইছলামৰ পত্নী ৰশ্মিনাৰা বেগমক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত আৰু আৰক্ষীয়ে ৰশ্মিনাৰা বেগমক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটনচন কেম্পলৈ চালান দিয়াৰ পিছত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি এআই ইউ ডি এফৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম খানৰ নেতৃত্বত দলৰ চাৰিজনকৈ বিধায়কে কোকৰাঝাৰ ডিটেনচন কেম্পত হাজিৰ হৈ ৰশ্মিনাৰা বেগমক সাক্ষাৎ কৰাৰ লগতে ডিটেনচন কেম্পত আৱদ্ধ হৈ থকা অান বিদেশী বুলি ঘোষিত হোৱা লোকসকলোকো সাক্ষাৎ কৰে ।