48
লিডুঃ নিখিল ভাৰত যুৱ ফেডাৰেচন লিডু আঞ্চলিক পৰিষদৰ সম্পাদক প্ৰাগজ্যোতি বৰুৱাক তৎকালে কাৰ্যকৰী হোৱাকৈ সংগঠনৰ প্ৰাথমিক পদৰ পৰা বহিষ্কাৰ কৰা বুলি এক বিবৃতি যোগে সংগঠনটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
সংগঠনটোৰ ৰাজ্যিক পৰিষদৰ সম্পাদক অজয় বৰা আৰু লিডু আঞ্চলিক সমিতিৰ সভাপতি বিজেন্দ্ৰ গগৈয়ে যোৱা ১১ ছেপ্তেম্বৰত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰি সৰ্বসন্মতি মৰ্মে প্ৰাগজ্যোতি বৰুৱাক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে বিবৃতিটোত।