Home ৰাজ্যসাংসদ পুঁজিৰ দুৰ্নীতিৰ অভিযোগক লৈ অজিত ভূঞাৰ প্ৰতিক্ৰিয়া

সাংসদ পুঁজিৰ দুৰ্নীতিৰ অভিযোগক লৈ অজিত ভূঞাৰ প্ৰতিক্ৰিয়া

by News Next One
A+A-
Reset

গুৱাহাটীঃ সাংসদ স্থানীয় ক্ষেত্ৰ উন্নয়ন আঁচনি (এমপিএলএডিএছ) পুঁজিৰ অপব্যৱহাৰৰ অভিযোগৰ তদন্তৰ মাজতে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰি এই অভিযোগ খাৰিজ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সমালোচনা কৰাৰ বাবেই তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা চলিছে। বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে মত বিনিময় কৰি ভূঞাই কয়, “মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱা হৈছে।

এমপিএলএডিএছৰ নিয়মত স্পষ্টকৈ কোৱা আছে যে সাংসদে এই ধন নিজে খৰচ কৰিব নোৱাৰে। আমি কেৱল আঁচনিৰ পৰামৰ্শ দিওঁ, ধনৰ পৰিচালনা আৰু ইয়াক কাৰ্যকৰী কৰাৰ দায়িত্ব জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট বিষয়াৰ।” ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষৰ এই পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ১৬ জুনত ভূঞাক প্ৰায় ছয় ঘণ্টা ধৰি জেৰা কৰিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমত সম্ভাৱ্য দুৰ্নীতিৰ খবৰ প্ৰকাশ পোৱাৰ পাছেত এই তদন্ত আৰম্ভ কৰা হৈছিল।

তদন্তৰ পাছত অসমৰ কেইবাজনো লোকসেৱা বিষয়াক নিলম্বন কৰা হয়। ভূঞাই লগতে কয়, “মই মোৰ জীৱনত তিনি-চাৰিজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুঁজিছোঁ। টাডাৰ দৰে কঠোৰ আইনৰ অধীনতো মোৰ বিৰুদ্ধে গোচৰ তৰা হৈছে, এনকাউণ্টাৰৰ সন্মুখীন হৈছো, চাৰি-পাঁচ বছৰ জেলত কটাইছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা বা আন কাৰোবাক ভয় কৰাৰ কথা নাই। সঠিক সময়ত সকলো খুলি ক’ম।” অভিযোগ পত্ৰৰ কথা উল্লেখ কৰি তেওঁ কয়, “এই বিষয় এতিয়া আদালতত বিচাৰাধীন।

মই লাডাখত এখন সভাত আছিলোঁ, গতিকে অভিযোগ পত্ৰ এতিয়াও ভালকৈ চাই পৰীক্ষা কৰিবলৈ বাকী আছে। চৰকাৰৰ এতিয়া এই বিষয়ত হাত নাই কাৰণ এইটো আদালতৰ অধীনত।” তেওঁ প্ৰশ্ন উত্থাপন কৰে যে পুঁজি কাৰ্যকৰী কৰাৰ দায়িত্ব জিলা বিষয়াৰ হাতত থকাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা লোৱা নহ’ল। “মুখ্যমন্ত্ৰীয়ে তৎকালীন উপায়ুক্তক কিয় ৰক্ষা কৰিছে? তেওঁক প্ৰথমে ধৰা উচিত আছিল।

মোক ভয় দেখুৱাই তেওঁলোকৰ দোষ লুকুৱাবলৈ চেষ্টা কৰিছে,” ভূঞাই কয়। তেওঁ দাবী কৰে যে তেওঁৰ সক্ৰিয়তাৰ বাবেই চৰকাৰৰ সৈতে তেওঁৰ সম্পৰ্ক সদায় তিক্ত। “কেইবছৰমান আগতে মই ফেচবুকত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মোহন ভাগৱতক টেগ কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্তৰ দাবী কৰিছিলোঁ। মই তেওঁক বিতৰ্কৰ বাবে প্ৰত্যাহ্বানো জনাইছিলোঁ, কিন্তু তেওঁ গ্ৰহণ কৰা নাছিল। তাৰ পৰিৱৰ্তে মোৰ পিছত তদাৰকী কোষ লগাই দিলে,” তেওঁ কয়।

ভূঞাই আৰু কয়, “দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে মই সদায় মাত মাতিম। মোক ভয় দেখুৱাই কেতিয়াও মোৰ মাত বন্ধ কৰিব নোৱাৰে। এমপিএলএডিএছৰ নিয়ম ভালকৈ পঢ়ক, সাংসদৰ ধন খৰচৰ ক্ষমতা নাই, আমাৰ কাম কেৱল পৰামৰ্শ দিয়া।” তেওঁ ঘোষণা কৰে যে অতি সোনকালে তেওঁ এই ষড়যন্ত্ৰ আৰু “দুৰ্নীতিগ্ৰস্ত চৰকাৰ”ৰ বিৰুদ্ধে অধিক তথ্য প্ৰকাশ কৰিব।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0