Home ৰাজ্যলাফিকুলৰ বাসগৃহত সাংসদ বদৰউদ্দিন আজমল

লাফিকুলৰ বাসগৃহত সাংসদ বদৰউদ্দিন আজমল

by News Desk
66 views
A+A-
Reset

কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো তদন্তকাৰী সংস্থাই ঘাতকৰ কোনো ক্লু নোপোৱাৰ বিপৰীতে প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ বাসগৃহত আজিও বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিৰ ভিৰ অব্যাহত অব্যাহত আছে ৷ আজি এআইডিএফৰ সঁজাতি দল এটাই প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷

এআই ইউডিএফৰ সভাপতি তথা সাংসদ বদৰউদ্দিন আজমলৰ নেতৃত্বত অহা দলটোৱে প্ৰথমে প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ ছালাকাতিস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে। এআইইউডিএফৰ সভাপতিগৰাকীয়ে লাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্ত হ’বই লাগিব বুলি মন্তব্য কৰি বিষয়টো বিধানসভা আৰু সংসদৰ মজিয়াতো উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে। ইয়াৰ পিছতে বদৰউদ্দিন আজমলে পোনে পোনে কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত উপস্থিত হৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0