ৰঙিয়াঃ ঘৰৰ পৰা আঢ়ৈ বছৰীয়া সন্তান কোলাত লৈ ওলাই অহা এগৰাকী বিবাহিত মহিলা নিৰুদ্দেশ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত৷ ৰঙিয়া চহৰৰ সমীপৰ গোঁসাই শৌলমাৰীৰ আজিজুৰ ৰহমানৰ পত্নী আমিনা বেগমে আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক লগত লৈ সোমবাৰে দিনৰ ভাগত ঘৰৰ পৰা ওলাই আহে।
ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা ২২ বছৰীয়া আমিনা বেগম আৰু পুত্ৰৰ এতিয়ালৈ কোনো সন্ধান নাই৷ স্বামী আজিজুৰ ৰহমানে পত্নী আমিনা বেগম ওৰফে অনিতাই সোমবাৰে ৰঙিয়া সামূহিক চিকিৎসালয়ত যাবৰ বাবে ঘৰৰ পৰা ওলাই অহা বুলি কয়৷ নিশা পৰ্যন্ত উভতি নহাত পৰিয়ালটো চিন্তিত হৈ পৰে।