খাৰুপেটীয়া: সমাগত পঞ্চায়ত নিৰ্বাচনত জন সমৰ্থন আদায়ৰ লক্ষ্যৰে দৰঙৰ দলগাঁৱত বিভিন্ন হাই প্ৰফাইল নেতাই ভিৰ কৰিছে। আজি দলগাঁৱৰ বেছিমাৰীত এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে হেলিকপ্টাৰযোগে চলায় নিৰ্বাচনী প্ৰচাৰ।
দৰং জিলা এ আই ইউ ডি এফৰ সভাপতি হবিবুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত বদৰুদ্দিনে কংগ্ৰেছ আৰু বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়- কংগ্ৰেছে ৭০ বছৰে মুছলমানৰ লগত গাদ্দাৰি কৰিছে। শৈক্ষিক আৰু অৰ্থনৈতিক ভাবে পিছুৱাই ৰাখিছে। ভয়-ভাবুকিৰে ভোট লৈছে আৰু উপহাৰ দিছে ‘ডি’ ভোটাৰ, দিছে ডিটেঞ্চন কেম্প, দিছে বিদেশীৰ অপবাদ। সেয়েহে, মুছলমান সকলে এই দলক প্ৰত্যাখ্যান কৰাৰ বিকল্প নাই। আজমলে কংগ্ৰেছক মুছলমানৰ ৭০ বছৰীয়া শত্ৰু আখ্যা দি এন আৰ চি ৰ ক্ষেত্ৰত কংগ্ৰেছৰ অৱদান কি বুলিও প্ৰশ্ন কৰে। ৰাজনৈতিক স্বাৰ্থতে কংগ্ৰেছে ডি ভোটাৰ সমস্যা জীয়াই ৰাখিছে।