Home অন্যান্য খবৰনামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত যুৱ – ছাত্র পৰিষদৰ ধৰ্না কাৰ্য্যসূচী

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত যুৱ – ছাত্র পৰিষদৰ ধৰ্না কাৰ্য্যসূচী

by News Desk
A+A-
Reset
IMG-20210923-WA0006

News Next One , বিশ্বনাথ চাৰিআলি , ২৩ ছেপ্তেম্বৰ ঃ অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি জলবোমা সদৃশ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । আজিও যুৱ – ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বানত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ লগতে যোৱা ২১ ছেপ্তেম্বৰ তাৰিখে সম্পূৰ্ণ গণতান্ত্ৰিক ভাবে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰি থকা অৱস্থাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক প্ৰমূখ্যে বহু কেইজন কেন্দ্ৰীয় নেতৃত্বক অমানুষিক ভাবে স্থানীয় প্ৰশাসনে কৰায়ত্ত কৰাৰ প্ৰতিবাদত বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী পালন কৰে । ইয়াৰ সমান্তৰাল ভাবে উপৰোক্ত দাবী সমুহ উল্লেখ কৰি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নাচিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত, সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ সভাপতি ক্ৰমে অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুটীয়া সম্পাদকদ্বয় নিহাৰ শইকীয়া, বিশ্বজিত দাসে ।

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0