মাকুমঃ প্ৰতি দুই ছেকেণ্ডত কোনোবা এজনক তেজৰ প্ৰয়োজন হয়। কিন্তু অসমত ৰক্তদান সম্পৰ্কে সজাগতা যথেষ্ট কম। ৰক্তদান সম্পৰ্কে ভুল ধাৰণাসমূহ দূৰ কৰাৰ লগতে ৰক্তদানৰ আগে-পিছে ল’বলগা সাধাৰণ সাৱধানতা আদি বিভিন্ন বিষয় সামৰি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত অনুষ্ঠিত হয় ‘ৰক্তদান শিবিৰ’।
এই শিবিৰটো উন্মোচন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত ৰঞ্জন চক্ৰৱতীয়ে। ইফালে অজাযুছাপ তিনিচুকীয়া জিলা সমিতি আৰু আঞ্চলিকৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিয়ে ৰক্তদান কৰে।