ৰঙিয়াঃ খিলঞ্জীয়াৰ জীৱনলৈ সংশয়ৰ ভাৱনা আনিব পৰা যিকোনো বিজতৰীয়া শত্ৰুক ৰোধ কৰাৰ বাবে সদায় সাজু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। ৰাজ্য চৰকাৰে যাতে কোনো কাৰণতে খিলঞ্জীয়াক বিপদাপন্ন কৰিব নোৱাৰে, তাৰ বাবে কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যজুৰি সংগঠনটোৰ জিলা সমিতিসমূহে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জোঁৰ সমদল উলিয়ায়৷ শদিয়াৰ পৰা ধুবুৰীলৈকে যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানমৰ্মে হাতে হাতে জোঁৰ লৈ ওলাই আহে হাজাৰ হাজাৰ লোক৷
কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমত জাপি দিব খোজা অবৈধ নাগৰিকক অসমৰ ৰাইজে কেতিয়াও অসমত সংস্থাপন দিয়াৰ পক্ষপাতী নহয় সেই কথাকেই যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল কাৰ্যসূচীয়ে প্ৰতিপন্ন কৰে৷ অসমৰ খিলঞ্জীয়া লোকৰ সংশয় তথা ভাবুকি আহিব পৰা কোনো কাম যুৱ-ছাত্ৰ পৰিষদে চৰকাৰক কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে যুৱ-ছাত্ৰ পৰিষদে আজিৰ কাৰ্যসূচীৰ জৰিয়তে৷ ৰাজ্যৰ মঙলদৈ, দৰং, নলবাৰী, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আদি ঠাইৰ লগতে ৰঙিয়াতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰাৰ প্ৰতিবাদত ৰঙিয়াত সংগঠনটোৱে শুকুৰবাৰে সন্ধিয়া জোঁৰ সমদল উলিয়ায়।