67
শিৱসাগৰঃ সুদীৰ্ঘ কেইবাটাও দশক ধৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা হৈ থকা ধাৰাবাহিক অনুপ্ৰৱেশৰ ফলত অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্বৰ প্ৰতি ভাবুকি নামি অহাৰ পৰিপ্ৰেক্ষিতত আজি চৰকাৰক সমস্যা সমাধানৰ দাবী জনাই ৰাজপথলৈ ওলাই আহে যুৱ ছাত্ৰ পৰিষদ।
অসমীয়া জাতি, সংস্কৃতি, ভাষা আদি নিঃশেষ কৰি দিব পৰা হিন্দু বিদেশীক অসমত সংস্থাপিত কৰাৰ অভিযোগ উত্থাপন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধীতা কৰে।