ডিব্ৰুগড়ঃ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতায়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ ৰাজ্যৰ শিক্ষা বিভাগৰ অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি চাৰিআলিতো ডিব্ৰুগড় জিলা যুৱ ছাত্ৰ পৰিষদে কাৰ্যসূচী ৰূপায়ন কৰে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কাৰ্যসূচীত উপস্থিত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাৰ সৈতে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াও জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অসম মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰি বিতৰ্কৰ অৱসান ঘটোৱাৰ চেষ্টা কৰিছে।