নগাঁওঃ নগাঁও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছইনৰ মাতৃক গ্ৰেপ্তাৰ৷ নগাঁৱৰ বটদ্ৰৱাৰ লালুংগাঁৱৰ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক ২৫ মাৰ্চৰ নিশাৰ অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ২৬ মাৰ্চৰ দিনৰ ভাগত ধৰ্ষণ কাৰ্যৰ আন এগৰাকী প্ৰত্যক্ষদৰ্শী জাকিৰৰ মাতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
জানিব পৰা মতে, জাবেদা খাতুনক আৰক্ষীয়ে আদালতত হাজিৰ কৰে যদিও ন্যায়িক জিম্মাত প্ৰেৰণ কৰে আদালতে। উল্লেখ্য যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পৃষ্ঠপোষকতাত ভোমোৰাগুৰি লালুং গাঁও ৰিজাৰ্ভৰ ভূমি অবৈধ ভাৱে বেদখল কৰি অহা জাকিৰ হুছেইনৰ পৰিয়াল তথা পলাতক পিতৃ আব্দুৰ ৰেজেক আৰু পলাতক ভাতৃ ৱাহিদুজৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কেইবাটাও গোচৰ বটদ্রৱা থানাত ৰজু হৈ আছে।