ডিব্ৰুগড়/চৰাইদেউঃ সততে ৰাজ্যৰ প্ৰতিটো সমস্যাৰ হকে সক্ৰিয় ভূমিকাৰ পালন কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰাইদেউ জিলাৰ সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চ্যুকাফা দিৱস পালন কৰিব৷
ইতিমধ্যে সমুদ্ৰ প্ৰসাদ বৰুৱাক সভাপতি, বসন্ত কোঁৱৰক কাৰ্যকৰী সভাপতি, ৰাজীব ৰাজকোঁৱৰক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে উদযাপন সমিতি৷ চ্যুকাফা দিৱসৰ কাৰ্যসূচী অনুসৰি ১ ডিচেম্বৰৰ পুৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্তই পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰিব সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই৷ উদযাপন সমিতিৰ সভাপতি সমুদ্ৰ প্ৰসাদ বৰুৱাই স্বৰ্গদেউ চ্যাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ পাছত দিনৰ এঘাৰ বজাৰপৰা অনুষ্ঠিত হ’বলগীয়া সদৌ অসম আন্তঃ শিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰিব সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ বিমল চন্দ্ৰ গগৈয়ে৷