57
newsnextone.com | মৰিয়নীঃ ১৯৪৭ চনত অখণ্ড ভাৰত ভূমিক দ্বি খণ্ডিত কৰা তেজাল ইতিহাসৰ দিনটোক সোঁৱৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হিন্দু জাগৰণ মঞ্চ যোৰহাট সমিতিয়ে যোৰহাট মেডিকেল কলেজৰ সমীপতো মঙলবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অখণ্ড ভাৰত দিৱস পালন কৰা হয়।
কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে পুৱা ১০ বজাত হিন্দু জাগৰণ সমিতিৰ যোৰহাটৰ সভাপতি যোগেন কোচে পতাকা উত্তোলন কৰে। তাৰ পাছতে ভাৰত মাতা পূজন আৰু বন্তি প্ৰজ্বলন কৰে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।