newsnextone.com | নগাঁওঃ নগাওঁ জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মঙলবাৰে জিলাখনৰ দীঘলীঅাটীত অখণ্ড ভাৰত দিৱস উদযাপন কৰা হয়। সেই উপলক্ষ্যে পুৱা ৯ বজাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা সকলে দীঘলীঅাটী বৰ নামঘৰত সেৱা জনাই গুৰুজনাৰ অাশীষ লৈ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰে নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অমৰজ্যোতি কলিতাই।
অনুষ্ঠানত ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন অাৰু বন্তি প্ৰজ্বলন সম্পন্ন হোৱাৰ অন্তত অতীতক সুৱৰি স্বহীদ তৰ্পন অাৰু প্ৰাকৃতিক ভাৰাসাম্য বৰ্তাই ৰখাৰ উদ্দেশ্যৰে বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।