গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ গোচৰত কৃষক নেতা অখিল গগৈ জামিন মঞ্জুৰ কৰে গোৱালপাৰাৰ মুখ্য ন্যায়াধীধৰ আদালতে৷ মঙলবাৰে পুৱাৰে পৰা গোৱালপাৰা আদালতত শুনানী আৰম্ভ হৈছিল অখিলৰ জামিন সন্দৰ্ভত৷ অৱশেষত অখিল গগৈৰ জামিন মঞ্জুৰ কৰে আদালতে। বুধবাৰে কৃষক নেতাগৰাকীয়ে গোৱালপাৰা কেন্দ্ৰীয় কাৰাগৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাটো একপ্ৰকাৰ খাতাং হ’ল৷
প্ৰায় তিনি মাহ ৯ দিনৰ মূৰকত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি অৱগত হোৱাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী আনন্দিত হৈ পৰে৷ ইতিমধ্যে উজনি-নামনিৰ বিভিন্ন ঠাইৰ পৰা অখিলক আদৰিবৰ বাবে শ-শ লোক গোৱালপাৰালৈ ৰাওঁনা হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে আৰক্ষীয়ে কৃষক নেতা অখিল গগৈক গোৱালপাৰা আদালতত হাজিৰ কৰে৷ ২৪ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক গোৱালপাৰা আদালতে দুদিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল৷