পাঠশালাঃ তাইৰ জন্মৰ কিছুদিন পিছতে তাইৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়৷ মাতৃ অবিহনে সন্তানৰ কেনে বিপৰ্যয় হয় সেই কথা বহলাই কোৱাৰ প্ৰয়োজন নাই৷ মাতৃৰ মমতাৰ কথা বুজি নোপোৱাৰ সময়তে মাতৃৃয়ে পৃথিৱীৰ পৰা বিদায় ললে ভয়াবহ কৰ্কট ৰোগৰ বাবে৷
মাতৃৰ মৃত্যুৰ পিছত আইতাকে তালি-তুলি ডাঙৰ দীঘল কৰিব ধৰে তাইক৷ আইতাকৰ মৰম লাভ কৰি আন চাৰিটা শিশুৰ দৰে তেওঁ ওমলিছিল, দুষ্টামি কৰিছিল৷ কিন্তু বেছি দিন দুষ্টামি, খেলাধূলা কৰিব নোৱাৰিলে৷ এতিয়া আইতাকৰ কোলাত দিন পাৰ কৰিছে তেওঁ৷ দৰিদ্ৰ পৰিয়ালৰ ৫ বছৰীয়া কন্যাগৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ এটি চকুৰে নেদেখা হোৱাৰ লগতে খেলা-ধূলা বাদ দি কেৱল আইতাকৰ কোলাত দিন পাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।