বৰপেটাঃ নামনি অসমৰ বৰপেটাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিশাল সমাৱেশ অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইবাটাও দাবীৰ সমৰ্থনত সংগঠনটোৰ আহ্বানত পুৱাৰে পৰা বৰপেটাৰ বামুন দংৰাত কেইবাসহস্ৰাধিক লোক সমবেত হয়৷
কৃষক মুক্তিৰ বৰপেটা জিলা সমিতিৰ সভাপতি মাধৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলো বিদেশীক বহিষ্কাৰ কৰা দাবীত সমাৱেশ অনুষ্ঠিত হয়৷