ডিজিটেল ডেস্কঃ সমালোচকে বিচাৰিলে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ ঘুৰাই দিব মিষ্টাৰ খিলাড়ীয়ে৷ অভিনেতাজনে মুম্বাইত এক অনুষ্ঠানত কয় যে সুদীৰ্ঘ ২৬ বছৰ পিছত তেওঁ এই সন্মান পাইছে৷ কিন্তু কোনোৱে যদি অসন্তুষ্ট হৈছে তেন্তে তেওঁ পুৰস্কাৰ উভতাই দিবলৈ প্ৰস্তুত৷
আনহাতে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে সদায় বিতৰ্ক থাকে বুলিও উল্লেখ কৰে অক্ষয়ে৷ উল্লেখযোগ্য যে ২৬ বছৰৰ বিৰতিৰ অন্তত ৬৪ তম ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মানেৰে সন্মানিত হৈছিল অভিনেতাজন৷