ফিল’বাৰীঃ আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ এখন বিশেষ প্ৰতিনিধি সভা আজি ডিগবৈৰ লুইত শিল্পী সমাজ ভৱনত অনুষ্ঠিত হৈ য়ায়। সাংবাদিক বিনন্দ কোঁৱৰে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে জিলা আপকুৰ সভাপতি ৰবীন মৰাণে।
সাংবাদিক পুষ্পধৰ মৰাণে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ জিলা খনৰ প্ৰায় অৰ্ধ শতাধিক সংবাদ কৰ্মী উপস্থিত থাকে। সভাত বিনন্দ কোঁৱৰক সভাপতি আৰু ৰূপম বৰুৱাক সম্পাদক হিচাপে লৈ আপকুৰ মাৰ্ঘেৰিটা মহকুমা সমিতিখন গঠন কৰা হয়।