লালুকঃ ৰাজ্য খনৰ বিভিন্ন জিলাত আধাতে বিদ্যালয় এৰা, শিশু শ্ৰমিক, বিদ্যালয়লৈ একেবাৰে নোযোৱা শিশুসকলক সামৰি সৰ্বশিক্ষা অভিযান মিছনে ২০০৩ চনতে স্থাপন কৰা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰসমুহৰ কৰ্মীসকলক বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে, এই অভিযোগ সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজীৱৰ।
আজি লালুক প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেলত সভাপতিজনে সৰ্বশিক্ষা অভিযান মিছনে বিভিন্ন জিলাত আধাতে বিদ্যালয় এৰা, শিশু শ্ৰমিকসকলক শিক্ষা প্ৰদান কৰি মূলসুঁতিলৈ অনাৰ বাবে একাংশ শিক্ষিত যুৱক যুৱতীক নিয়োজিত কৰিছে। কিন্তু দিনৰ দিনটো কাম কৰাৰ পাছত সামান্য পাৰিশ্ৰামিক দি গা এৰা মনোভাৱ দিছে চৰকাৰ তথা শিক্ষা বিভাগে। ফলত চাকৰিৰ চৰম অনিশ্চয়তাত ভূগিছে কৰ্মীসকলে৷