ডিব্ৰুগঢ়ঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সম্প্ৰতি প্ৰতি সোমবাৰ আৰু শনিবাৰে প্ৰচাৰ কৰি থকা লোকগীতৰ ৰিয়েলিটী শ্ব’ “জে জে এম হস্পিটেল লোকসংগীত মাধুৰী”ৰ চূড়ান্ত প্ৰতিযোগিতা ২০ মাৰ্চত ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷
দেশৰ আগশাৰীৰ ব্ৰডকাষ্টাৰসকলৰ লগতে অসম তথা ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই সাংস্কৃতিক প্ৰতিযোগিতাখন সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ’ব৷ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখৰ পৰা পৰ্যায়ক্ৰমে চলি অহা অসমীয়া লোকসংগীত, বিশেষকৈ কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতৰ এই প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসকলৰ নিৰ্বাচন ইতিমধ্যে সম্পূৰ্ণ হৈছে৷