ডিব্ৰুগঢ়ঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সম্প্ৰতি প্ৰতি সোমবাৰ আৰু শনিবাৰে প্ৰচাৰ কৰি থকা লোকগীতৰ ৰিয়েলিটী শ্ব' "জে জে এম হস্পিটেল লোকসংগীত মাধুৰী"ৰ চূড়ান্ত প্ৰতিযোগিতা ২০ মাৰ্চত ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব৷

দেশৰ আগশাৰীৰ ব্ৰডকাষ্টাৰসকলৰ লগতে অসম তথা ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এই সাংস্কৃতিক প্ৰতিযোগিতাখন সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ'ব৷ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখৰ পৰা পৰ্যায়ক্ৰমে চলি অহা অসমীয়া লোকসংগীত, বিশেষকৈ কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতৰ এই প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসকলৰ নিৰ্বাচন ইতিমধ্যে সম্পূৰ্ণ হৈছে৷

এই চূড়ান্ত প্ৰতিযোগিতাত বিজয়ী লোকগীতৰ শিল্পীগৰাকীয়ে নগদ পঞ্চাশ হাজাৰ টকা, এটি স্মাৰক, প্ৰমাণ-পত্র আৰু অন্যান্য উপহাৰৰ লগতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিব৷ দ্বিতীয় স্থান লাভ কৰা শিল্পীগৰাকীয়ে নগদ ত্রিশ হাজাৰ টকা, এটি স্মাৰক, প্ৰমাণ-পত্র আৰু উপহাৰৰ টোপোলা লাভ কৰিব৷ তৃতীয় স্থান লাভ কৰা শিল্পীগৰাকীয়েও নগদ বিশ হাজাৰ টকা, এটি স্মাৰক, প্ৰমাণ-পত্র আৰু উপহাৰৰ টোপোলা লাভ কৰিব৷ ২০ মাৰ্চৰ সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ'বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগা শিল্পীসকল হ'ল- গোলাঘাটৰ আশিস খাউণ্ড, চিলাপথাৰৰ পূজা চৌধুৰী আৰু ডিব্ৰুগড়ৰ অন্বেষা ফুকন৷

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অসমীয়া লোকসংগীত, বিশেষকৈ কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা ৰাজ্যখনৰ গাঁৱে-ভূঁঞে সিঁচৰতি হৈ থকা সুপ্ত সংগীত প্ৰতিভাসমূহক চিনাক্ত কৰাৰ মূল লক্ষ্যৰে আয়োজন কৰা লোকগীতৰ এই ৰিয়েলিটী শ্ব' "জে জে এম হস্পিটেল লোকসংগীত মাধুৰী"ৰ চূড়ান্ত প্ৰতিযোগিতাৰ কাৰ্যসূচী অসমৰ দহটা আকাশবাণী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব৷

উজনি অসমৰ আকাশবাণী কেন্দ্ৰটোৱে দেশৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰি ইতিমধ্যে ২৫টা খণ্ডৰ সম্প্ৰচাৰ সম্পূৰ্ণ কৰা লোকগীতৰ ৰিয়েলিটী শ্ব' লোকসংগীত মাধুৰীয়ে শ্ৰোতা আৰু অনাতাঁৰ শ্ৰোতাসকলৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷ আকাশবাণী ডিব্ৰুগড়ৰ এই অনুষ্ঠানটোৰ আৰ্হি ইতিমধ্যে দেশৰ কেইবাটাও আগশাৰীৰ আকাশবাণী কেন্দ্ৰই গ্ৰহণ কৰি অনুৰূপ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে৷ আকাশবাণী ডিব্ৰুগড়ৰ মুৰব্বী লোহিত ডেকাই প্ৰেছ বিবৃতিযোগে এই তথ্য সদৰী কৰে৷