গুৱাহাটীঃ অাকৌ আহিছে বঞ্জো ! লোকেল কংফুৰ অভূতপূৰ্ব সাফল্যৰ পাছত ইয়াৰ ছিকুৱেল লোকেল কুংফু-২ ৰ মুক্তিৰ বাবে সাজু হৈ উঠিছে৷ পৰিচালক কেনী বসুমতাৰীয়ে লোকেল কংফু-২ ত উইলিয়াম শ্বেক্সপিয়েৰৰ ‘‘কমেডি অফ এৰ’ৰচ’’ক ৰূপালী পৰ্দাত অভিযোজন ঘটাইছে৷

উল্লেখ্য এপ্ৰিলত মুক্তি পাব লগা ছবিখন অসমীয়া আৰু হিন্দী দুয়োটা ভাষাত চিত্ৰায়িত কৰিছে৷ বৰ্তমান ছবিখনৰ কাম চূড়ান্ত অৱস্থাত উপনীত হৈছে যদিও ছবিখনৰ পোষ্ট প্ৰডাক্টশ্যনৰ বাবে প্ৰয়োজন হোৱা পুজিৰ বাবে পৰিচালক কেনী বসুমতাৰীয়ে এক বিশেষ ক্ৰাউডফান্ডিং অভিযান আৰম্ভ কৰিছে৷ ইয়াত ৰঙীন বেনাৰ, সংগীত আৰু ডাবিং আৰু ছাউণ্ডৰ বাবে ৮ লাখ টকা সংগ্ৰহৰ লক্ষ্য ধাৰ্য কৰি লৈছে৷

পৰিচালক কেনী বসুমতাৰীয়ে কয় যে- ভালদৰে এখন ছবি আৰু মুক্তিৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হয় আৰু আমাৰ গ্ৰুপৰ কোনোজনেই আৰ্থিকভাৱে টনকিয়াল নহয়, যাৰবাবে পুজি সংগ্ৰহৰ চিন্তা কৰিছো৷ প্ৰাৰম্ভিক অৱস্থাত ধন সংগ্ৰহৰ অভিযান দ্ৰুত গতিত আগবাঢ়িছে আৰু ১৩৯ গৰাকী সদস্যৰ পৰা ২.৮৬ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷

তাৎপৰ্য এই যে যদি ৮ লাখ টকা আহৰণৰ লক্ষ্যত উপনীত হব পৰা নাযায়, সমৰ্থকৰ সকলো টকা ঘুৰাই দিয়া হ’ব বুলি সংবাদ মেল যোগে ঘোষণা কৰিছে পৰিচালক কেনী বসুমতাৰীয়ে৷