64
হাফলংঃ আকৌ অভিনৱ প্ৰতিবাদ৷ সংগীতৰ পিছত এইবাৰ অভিনয়ৰে প্ৰতিবাদ৷ অভিনয়েৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা এই যুৱকজন আন কোনো নহয়৷ তেওঁ হৈছে নমামি মহোৎসৱক লৈ গীতেৰে আঁৰৰ কথা কোৱা হাফলঙৰ ডেনিয়েল লাংথাছা৷
ডেনিয়েলৰ এইবাৰৰ প্ৰতিবাদৰ কাৰণ এটি পথ৷ ডিমা হাছাও জিলাৰ সদৰ হাফলঙত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নিৰ্মাণ কৰা হৈছিল পথটো৷ কিন্তু নিৰ্মাণৰ ৪ মাহ সম্পূৰ্ণ নৌহওতেই বিধ্বস্ত হৈ পৰিছে সমগ্ৰ পথটো৷