123
নাওকাটাঃ পিতৃহীন এগৰাকী ন বছৰীয়া শিশু৷ দৰিদ্ৰ পৰিয়ালৰ এই শিশুটিক শাৰীৰিক বাধা গ্ৰস্ততাই কোঙা কৰি পেলাইছে৷ সমনীয়াই খেলাধূলা কৰি হাঁহি স্ফূৰ্টিৰে পখিলা খেদি জীৱন অতিবাহিত কৰিছে সেইসময়তে ‘হুইল চেয়াৰ’ত জীৱন অতিবাহিত কৰিছে এই শিশুটিয়ে৷
দুৰ্ভগীয়া এই শিশুটিৰ নাম অমল কলিতা। ঘৰ বিটিএডিৰ বাগছা জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰ ভোলাবটাবাৰীৰ। পিতৃহীন অমলক বিগত নবছৰে মাতৃ পদুমণি কলিতাই বিভিন্ন স্থানত চিকিৎসা কৰি আহিছে যদিও সুফল লাভ কৰা নাই।