গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি ৰাজপথলৈ ওলাই আহিল ঠিকাভিত্তিক শিক্ষকসকল। সাত বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল পৰ্যায়ত শিক্ষাদান কৰি থকা ঠিকাভিত্তিক শিক্ষকৰ জীৱনক লৈ হেতালি খেলিছে ৰাজ্যৰ শিক্ষা বিভাগে- এই অভিযোগ উত্থাপন কৰিছে ২০১০ চনতে নিযুক্তি পায়ো অনিশ্চয়তাত ডুবি থকা ৬৫০৬ জন ঠিকাভিত্তিক শিক্ষকে।
অনিশ্চয়তাত ভোগা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আজি অৱস্থান ধৰ্মঘটেৰে উক্ত অভিযোগেৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাই। লগতে সমূহ জিলা সদৰ আৰু কামৰূপ (মহানগৰ) জিলা সমিতিয়েও এই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটত যোগদান কৰে।