আমগুৰিঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া ব'হাগৰ উছাহ। গছে কুঁহিপাত সলোৱাৰ সময়তে খোপাত কপৌ ফুল গুজি দিখৌমুখৰ জীয়ৰী-বোৱাৰী ওলাই আহিছে সমীপৰ মগলৌ পথাৰলৈ।

বিহু বুলিলেই প্ৰতিজন অসমীয়াৰে গা সাতখন আঠখন হয়। ব্যতিক্ৰম নহয় এইসকল জীয়ৰী-বোৱাৰীও। কিন্তু পৰিয়ালৰ জ্যেষ্ঠজনৰ সন্মুখত ৰং-ৰহইচ কৰিব নোৱাৰি এই শতাধিক জীয়াৰী-বোৱাৰীয়ে পৰম্পৰাগতভাৱে আছুতীয়া ঠাইত বাটত জেং দি এতিয়া দিখৌমুখৰ মগলৌ পথাৰত বাহাল ৰাখিছে জেং বিহুৰ প্ৰস্তুতি। 

জেং বিহু নৃত্যৰ লগতে বহি থকা নাই স্থানীয় মিচিং বোৱাৰী-গাভৰুসকলো। জেং বিহুৰ লগতে দিখৌপৰীয়া মিচিংসকলৰ ঐনিতমেৰে উজ্জীৱিত কৰি ৰাখিছে মগলৌ পথাৰ।