আমগুৰিঃ "দেউতা ঐ, কেৰেলা-বেঙেনাৰ চাক/ ঢাল-কড়ি খেলোতে দদাইদেউৰ ঘৰতে, মূৰৰ সোলকিলে পাগ"

অসমীয়াৰ চহা জনজীৱনৰ সতে সংপৃক্ত ধোপ খেল, ঘিলা খেল, টাং গুটি, খুলি খেল আদি থলুৱা খেলবোৰৰ প্ৰচলনত এতিয়া একপ্ৰকাৰে এলান্ধু পৰিছেগৈ যদিও দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ এই ৰণাংগনৰ সমসাময়িকভাৱে পুৰণিকলীয়া পৰম্পৰা ৰক্ষা কৰি আমগুৰিৰ দিক-চু অঞ্চলৰ এইসকল গঞা এতিয়া ব্যস্ত অন্য এক ৰণাংগনত।

চ'ত মাহৰ পহিলা দিনটোৰপৰা ব'হাগৰ উৰুকাৰ দিনটোলৈকে দিক-চু ন-পাম মাউত গাঁৱৰ ৰাইজৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে এই পুৰণিকলীয়া কড়ি খেল। আগ্ৰহী প্ৰতিঘৰ গঞাৰ ঘৰৰ লগতে গাঁৱৰ ৰাজহুৱা নামঘৰতো পৰিলক্ষিত হ'ল একেই পৰিৱেশ। প্ৰতীকি অৰ্থত প্ৰজননৰ স’তে এই খেলবিধৰ সম্পৰ্ক আছে যদিও নতুন বছৰৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা-গাভৰুৰ লগতে বয়োজ্যেষ্ঠসকলৰ মাজতো সম্প্ৰীতিৰ পৰিৱেশ আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাও এই খেলৰ লক্ষ্য।

আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলৰ মাজত এই কড়ি খেলে বহুল সমাদৰ লাভ কৰাৰ পৰৱৰ্তি সময়ত সৰ্বসাধাৰণ ৰাইজৰ মাজতো ব্যাপকভাৱে প্ৰচলিত হোৱাৰ উপৰি ব্যাপক জনপ্ৰিয়তাও লাভ কৰিছিল। চ'ত মাহৰ ভিতৰতে সংঘটিত আহোম আৰু মোগলৰ মাজৰ ঐতিহাসিক শৰাইঘাট ৰণৰ স’তেও আছে কড়ি খেলৰ সম্পৰ্ক; যাৰ আভাষ পোৱা যায় পুৰণি কিছু বিহুনামত।