আমগুৰিঃ এগৰাকী পুৰুষৰ মৰসাহে কাল হ’ল৷ কোলাত কেচুৱা লৈ ৰখাই থোৱা ৰেলৰ তলেৰে পাৰ হ’ব খোজোতেই প্ৰাণ গ’ল লোকজনৰ৷ এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত৷ বুধবাৰে নিশা আমগুৰি ৰেল জংচনৰ সমীপতে সংঘটিত হয় এই অঘটন।
নিজ বাসগৃহৰ সমুখতে ৫ বছৰীয়া সন্তান কোলাত লৈ ৰেললাইন পাৰ হ’ব খোজে বিজু বৰা নামৰ লোকেজনে৷ কিন্তু সেই সময়ত এখন দীঘল মালবাহী ৰেল ৰখাই থোৱা প্ৰত্যক্ষ কৰে৷ বহু দুৰ খোজকঢ়াৰ পৰিবৰ্তে ৰখাই থোৱা মালবাহী ৰেলৰ তলেৰে পাৰ হ’বলৈ চেষ্টা কৰে৷