Home ভাইৰেলঅমৃতচৰত ৰাৱন বধ চাবলৈ গৈ প্ৰায় ১০০জনৰ মৃত্যু

অমৃতচৰত ৰাৱন বধ চাবলৈ গৈ প্ৰায় ১০০জনৰ মৃত্যু

by News Desk
94 views
A+A-
Reset

ডিজিটেল ডেক্সঃ দছেৰা উপলক্ষে অনুষ্ঠিত হোৱা ৰাৱন-বধ কাৰ্য্যসূচীত ভাগ লৈ থকা ভক্তসকলৰ ওপৰেৰে এখন তীব্ৰবেগী ৰেলগড়ী পাৰ হৈ যোৱাৰ ফলত আজি পঞ্জাৱৰ অমৃতচৰৰ ওচৰৰ ‘যোদা ফাটেক’ লেভেল ক্ৰচিঙৰ ওচৰত প্ৰায় ১০০ জনমান লোকৰ মৃত্যু হয় আৰু সমসংখ্যক লোক আহত হয় বুলি নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে।
স্থানীয় সূত্ৰই প্ৰকাশ কৰামতে ভক্তসকলে ৰেললাইনৰ সমীপতেই ৰাৱন বধৰ কাৰ্য্যসূচীত ভাগ লৈ আছিল কিন্তু পিছলৈ ভক্তৰ ভিৰ লাহে লাহে ইমানেই বেছি হৈ যাবলৈ ধৰিলে যে মানুহবোৰে এটা সময়ত ৰেল লাইনৰ ওপৰতো ভিৰ কৰি হেঁচা-থেলা কৰিৱলৈ ধৰিলেগৈ। এটা সময়ত দছেৰাৰ ৰাৱন-বধৰ ভিৰে ৰেললাইন দখল কৰিলেগৈ।  ৰাৱনৰ মূৰ্তিত লগোৱা জুই আৰু অতি তীব্ৰ শব্দৰ ফটকাৰ শব্দত ৰেললাইনৰ ওপৰত বহি আনন্দ উৎসৱত ভাগ লৈ থকা ভক্তসকলে ৰেল লাইনেৰে অতি তীব্ৰ গতিত অহা ৰেলগড়ীখনৰ কথা গমেই নাপালে । তীব্ৰ গতিৰ ৰেলগাড়ীখনে ৰেললাইনৰ ওপৰত থকা প্ৰায় সকলো ভক্তকেই মহতিয়াই লৈ যায়৷
কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ ৰাজ্য চৰকাৰক এই বিপদৰ সময়ত যথাসম্ভৱ সাহাৰ্য্য দিব বুলি আশ্বাস দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই ৰেল দূৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে৷ ইফালে পঞ্জাৱৰ মুখ্যমল্ত্ৰী অমৰিন্দৰ সিঙে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু নিহতসকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকা আৰু আহতসকললৈ চৰকাৰী আৰু বে-চৰকাৰী হস্পিতালত বিনামূলীয়া চিকিৎসাৰ কথা ঘোষনা কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0