55
নাৰায়নপুৰঃ অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহুটিলৈ মাজত মাথো কেইটামান দিনহে বাকী। বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে সমগ্ৰ অসমবাসীৰ লগতে নাৰায়ণপুৰ বাসীয়েও।
অসমীয়াৰ পৰম্পৰাগত খাদ্য সম্ভাৰ পিঠা-পনা আৰু সাজপাৰক লৈ ব্যস্ত হৈ পৰিছে মহিলাসকল। শিপিনীয়ে তাঁতৰ শালত, গৃহিনীয়ে পাকঘৰত আৰু বিহুৱাসকলে বৰগছৰ তলত বিহু আখৰাত ব্যস্ত।