নগাঁওঃ “লাখ লাখ টকাত এ পি এচ চিৰ চাকৰি বেচা,এনৰেগাৰ টকা-লুটি খোৱা,পোন্ধৰ বছৰীয়া অপশাসন,দুৰ্নীতি ভ্ৰষ্টাচাৰৰে ৰাজ্যখনক বিধ্বঃস্ত কৰি পেলোৱা কংগ্ৰেছক কোনো কাৰণতে পুনৰবাৰ পঞ্চায়ত দখল কৰিবলৈ সুযোগ নিদিব৷ কংগ্ৰেছে সুত-কম্বল-আঠুঁৱাৰ ৰাজনীতিৰে ৰাইজক বছৰ বছৰ ধৰি ঠগাই আহিছে৷” আজি বটদ্ৰৱা সমষ্টিৰ কাকমাৰী,মাজ জাজৰি আৰু নিজ হাতীচোং পঞ্চায়তত কেইবাখনো নিৰ্বাচনী সভাত অংশলৈ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই এনেদৰে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে৷
নিজ হাতীচোঙৰ কলবাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশলৈ বিধায়িকা গৰাকীয়ে কয় যে ৰাইজক এতিয়া উন্নয়ন লাগে৷ বিজেপি চৰকাৰ অহাৰ পাছত বটদ্ৰৱা সমষ্টিত উন্নয়নৰ বতাহ বলিছে৷ সেয়ে ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ বিধায়িকা গৰাকীয়ে আহ্বান জনায়৷