নিউজ ডেস্কঃ পশ্চিমীয়া সংস্কৃতিৰ কেতবোৰ ভাললগা পৰম্পৰাই আমাৰ দেশত নিগাজী স্থান পোৱাটো কোনো আচৰিত কথা নহয়। কিয়নো সংস্কৃতি এখন নৈৰ দৰে, প্ৰৱাহমান আৰু পৰিৱৰ্তনশীল। কিন্তু আমি আজি সাহিত্য, সংস্কৃতি আদিৰ কথাৰে আলোচনাৰ পাতনি মেলিব বিচৰা নাই। কিয়নো কাইলৈ এটা বিশেষ দিন। এই দিনটোৰ ভাল-বেয়া নিৰ্ভৰ কৰে আপোনাৰ সতৰ্কতাৰ ওপৰত।
ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত কৰি ৰাখক। কিয়নো আহি আছে এপ্ৰিল ফুল। যিকোনো সময়তে আপোনাক মূৰ্খ সজোৱা হ’ব পাৰে। এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মূৰ্খৰ দিন (All Fools’ Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মূৰ্খ সজোৱাৰ প্ৰয়াস কৰে।