বোকাজানঃ সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে। ভাৰততো এই ভাইৰাছত আক্ৰান্ত হৈছে ৪ শতাধিক লোক, মৃত্য হৈছে ৭ জনৰ। এনে পৰিপ্ৰেক্ষিতত ইয়াক ৰোধ কৰিবলৈ দেওবাৰে জনতা কাৰ্ফিউ পালন কৰাৰ পিছত সোমবাৰৰ পৰা দেশৰ ভিন্ন প্ৰান্তত ঘোষণা কৰা হৈছে লকডাউন।

কৰ’নাক লৈ এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়তো দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিজৰ কাৰ্যকলাপ। আনকি একাংশ লোকে কৰ’নাক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ গ্ৰহণৰো অপেক্ষাত আছে। ইয়াকে প্ৰমাণিত কৰিছে বোকাজান আৰক্ষীৰ হাতত মহকুমাটোৰ পুৰণা লাহৰিজানত অস্ত্ৰ-শস্ত্ৰসহ এজন সৰবৰাহকাৰীক আটকাধীন হোৱা ঘটনাই৷ 

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ৯ বজাত অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানত অস্ত্ৰ-শস্ত্ৰ সহ এটা অস্ত্ৰ সৰবৰাহকাৰীৰ খবৰ মহকুমাটোৰ নৱ-নিযুক্ত মহকুমা আৰক্ষী বিষয়া জন দাসে গোপন সূত্ৰে লাভ কৰে৷ কৰ’নাতংকৰ মাজতে লাভ কৰা উক্ত খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই আৰু পুৰণা লাহৰিজান অঞ্চলত এক নাকা তালাচী চলোৱা হয়। 

অভিযানকাৰী দলটোৱে নাকা তালাচীৰ সময়ত এএছ-০৫-ই-৫০৩৫ নম্বৰৰ এখন ইঅ'ন গাড়ীসহ ডিমাপুৰৰ  ঝুলামি (Dzulhami) গাঁৱৰ বাসিন্দা খ্ৰুপতা মছেইক আটক কৰাৰ লগতে তেওঁৰ পৰা এটা পইণ্ট ২২ ৰাইফল, এটা মেগজিনসহ ৪ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কৰা প্ৰাৰম্ভিক সোধপোচত ধৃত খ্ৰুবতাই ৰাইফলটো ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰীৰ উদ্দেশ্যে লৈ আহিছিল বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে খটখটি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে বৰপথাৰ চাৰ্কলৰ আৰক্ষী বিষয়া ভূপেন কলিতা আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মও আজিৰ এই অভিযানকালত উপস্থিত আছিল। 

(ওপৰৰ ফটোত ধৃত খ্ৰুপতা মছেইৰ পৰা উদ্ধাৰ কৰা পইণ্ট ২২ ৰাইফল আৰু এটা মেগজিনসহ ৪ জাই সজীৱ গুলী দেখা গৈছে। ফটোঃ প্ৰাণদ্বীপ চেতিয়া, NNO, কাৰ্বি আংলং)