নতুন দিল্লী/গুৱাহাটীঃ কৰ’নাক ৰুধিবলৈ দেশৰ কেবাখনো ৰাজ্যই ঘোষণা কৰিছে লকডাউন। চীনৰ পিছত ইটালীত ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছবিধে। কৰ’নাৰ ফলত ইটালীৰ দৰে উন্নত দেশৰ চিকিৎসালয়ত দেখা গৈছে হাহাকাৰ পৰিস্থিতি। এনে পৰিপ্ৰেক্ষিতত ভাৰতত কৰ’নাই ভয়াৱহ গণসংক্ৰমণৰ ৰূপ ল’লে কেনে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমেয়।

ভাৰতত ভেণ্টিলেটৰ কিমান আছে?

ভাৰতত আজিৰ তাৰিখত সঠিকভাৱে কাম কৰি থকা ভেণ্টিলেটৰৰ সংখ্যা হৈছে মাত্ৰ ৪০ হাজাৰ। বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে যি হাৰত দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে তালৈ চাই এইখিনি ভেণ্টিলেটৰ থাকিও নথকাৰ দৰেহে হ’ব। কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ ৫ শতাংশই শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে, সেয়ে এনে ৰোগীক আইচিইউত ভেণ্টিলেটৰত ৰাখিবলগীয়া হয়। ফলত ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতত কৰ’নাই চীন, ইটালী আৰু ইৰাণৰ দৰে ৰূপ ল’লে ইমান কম সংখ্যক ভেণ্টিলেটৰৰ জৰিয়তে চিকিৎসা প্ৰদান কৰাতো মুঠেই সম্ভৱ নহ’ব বুলিও সদৰী কৰিছে বিশেষজ্ঞসকলে।

দেওবাৰৰ পৰা ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। সোমবাৰে এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৪১৮ জন। মৃত্যুৰ সংখ্যা হৈছে ৯ জন। ইণ্ডিয়ান ছ’চাইটি অব ক্ৰিটিকেল কেয়াৰৰ সভাপতি ডাঃ ধ্ৰুৱ চৌধুৰীৰ মতে চীন, ইটালী আৰু ইৰাণৰ দৰে দেশতো প্ৰথম অৱস্থাত আক্ৰান্তৰ ট্ৰেণ্ড এনেধৰণৰেই আছিল। তেওঁ আৰু কয় যে সমগ্ৰ দেশতে যিমানবোৰ সক্ৰিয় ভেণ্টিলেটৰ আছে তাৰ সৰহসংখ্যকেই ব্যৱহৃত হৈ আছে চৰকাৰী চিকিৎসা মহাবিদ্যালয়, মেট্ৰ’ চহৰৰ বেচৰকাৰী চিকিৎসালয় আৰু ৰাজ্য ৰাজধানী চহৰ তথা সৰু সৰু মহানগৰবোৰত।

এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় AIDS নিয়ন্ত্ৰণ সংস্থাৰ প্ৰাক্তন সঞ্চালক প্ৰধান সুজাতা ৰাওৱে মন্তব্য কৰিছে যে দেশত পৰিস্থিতিৰ অৱনতি ঘটালৈ বাট নাচাই এতিয়াই কৰ’না ভাইৰাছৰ টেষ্ট কৰা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব আৰু আক্ৰান্তসকলক ক্ষিপ্ৰতাৰে চিনাক্ত কৰি দ্ৰুত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব।

'সময়লৈ অপেক্ষা কৰিলে দেশ বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব। আমি এতিয়াই সকলো সাজু কৰি ৰাখিব লাগিব। কেৱল লকডাউনৰ ওপৰত ভৰসা কৰিলেও নহ’ব। কিয়নো ভাৰতত ইতিমধ্যে বিদেশৰ পৰা বহু লোকৰ আগমন ঘটিছে আৰু সকলোকে চৰকাৰ-প্ৰশাসনে যে চিনাক্ত কৰিছে সেয়া কোনেও নিশ্চিতি দি ক’ব নোৱাৰে। ইয়াৰ লগতে এখন চহৰৰ পৰা আনখন চহৰলৈ বা এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈও আহ-যাহ চলিয়েই আছে।’-সুজাতা ৰাওৰ মন্তব্য।

অসমত কি ব্যৱস্থা? লকডাউন ঘোষণা হৈছে নেকি?

অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালকেইখনতো কৰ’নাৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে একাধিক ব্যৱস্থা। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে চিকিৎসক আৰু নাৰ্ছসকল সম্পূৰ্ণৰূপে মটিভেট হৈ আছে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ। আনহাতে ভেণ্টিলেটৰ আৰু আইচিইউ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে জনাই যে এতিয়ালৈকে অসমত কৰ’না ভাইৰাছত আক্ৰান্তৰ চিকিৎসাৰ বাবে ৬০ টা আইছ’লেটেড আইচিইউ ভেণ্টিলেটৰৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ একেবাৰতে অসমত মাত্ৰ ৬০ জন ৰোগীকহে চিকিৎসা কৰিব পৰা যাব। সেয়ে মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ অসহায় অৱস্থাৰ বিষয়ে কৌশলেৰে বৰ্ণনা কৰি ৰাজ্যবাসীক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

'ভগৱানে নকৰক আমাৰ ইয়াতো ইটালী, ফ্ৰান্সৰ দৰে অৱস্থা হওক। এতিয়ালৈ তেৰাৰ কৃপাত আমাৰ ইয়াত সকলো কুশলে আছে। আমি যিমান পাৰো ব্যৱস্থা কৰি আছো। কিন্তু কিবা এটা হ’ব লাগিলে এই ব্যৱস্থাই কাম নিদিব। সেয়ে সকলোৱে সাজু হৈ থকা উচিত। এতিয়া আমি চেষ্টা কৰিলেও ভেণ্টিলেটৰ, আইচিইউ তৎক্ষণাত বৃদ্ধি কৰিব নোৱাৰো। কিয়নো গোটেই বিশ্বতে ফেক্টৰীবোৰ বন্ধ হৈ আছে। সেয়ে সকলোকে আকৌ অনুৰোধ জনাইছো আপোনালোক সতৰ্ক হৈ থাকক।’-স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য  যে অসমত এতিয়ালৈ এজনো কৰ'না পজিটিভ ধৰা পৰা নাই। শনিবাৰে নিশা যোৰহাট মেডিকেল কলেজ হাস্পতালত এটি চাৰি বছৰীয়া শিশুৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ সন্দেহ কৰা হৈছিল যদিও লাহোৱালৰ আইএমচিআৰত কৰা দ্বিতীয়তো নমুনা পৰীক্ষাত নিগেটিভ ধৰা পৰে। আনহাতে আজি দিনৰ ভাগত মন্ত্ৰী শৰ্মাই আৰু কয় যে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ'না সন্দেহত ২০-২৫জনৰ টেষ্ট কৰা হৈছে আৰু সেই বিষয়ে সবিশেষ সন্ধিয়াৰ সংবাদমেলযোগে জনাব পাৰিব।

লকডাউন ঘোষণা কৰা সন্দৰ্ভতো মন্ত্ৰী শৰ্মাই কয় যে চৰকাৰীভাৱে  এতিয়ালৈ লকডাউন ঘোষণা কৰা নাই যদিও বিভাগীয় বিষয়া তথা বিশেষজ্ঞসকলৰ সৈতে এই লৈ বৈঠক অব্যাহত ৰাখিছে। 'আমাৰ ইয়াত এতিয়াও প্ৰথম ষ্টেজো আহি পৰা নাই। কিন্তু আমি সাৱধান হ'ব লাগিব। চৰকাৰৰ তৰফৰ পৰা আমি এতিয়াও লকডাউন ঘোষণা কৰা নাই। এয়া মুখৰ কথাতে কৰি দিব পৰা বস্তু নহয়। বিভিন্ন দিশ চালি-জাৰি চাব লাগিব। আমি আলোচনা কৰি আছো। সন্ধিয়ালৈ সবিশেষ জনাব পাৰিম।'-আজি দুপৰীয়াৰ ভাগৰ পৰা গুৱাহাটীস্থিত কেবাটাও টিভি চেনেলে অসমত মঙলবাৰৰ পৰা ৫ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে বুলি ব্ৰেকিং নিউজ প্ৰচাৰ কৰি থকা সন্দৰ্ভত স্পষ্ট কৰি দি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।