মুছলপুৰঃ চোৰাং চিকাৰীৰ পিছত নেৰানেপেৰাকৈ লাগিছে ৰাজ্যৰ আৰক্ষী-সেনা-বনকৰ্মী৷ চোৰাং চিকাৰী যিমানেই সক্ৰিয় হৈ উঠিছে, সমানেই সতৰ্ক হৈ পৰিছে সেনা, আৰক্ষী আৰু বনকৰ্মী৷ এইবাৰ বাক্সাৰ শিমলা থানাৰ অন্তৰ্গত ২নং ককলাবাৰী থুৰিবাৰীৰ পৰা সেনাই আটক কৰিবলৈ সক্ষম হৈছে দুজন চোৰাং চিকাৰীক।
চোৰাং চিকাৰী দুজন ক্ৰমে সোমনাথ বসুমতাৰী (৪০) আৰু বন্দা বসুমতাৰী (৩০)। চোৰাং চিকাৰী দুজন ভাই-ককাই বুলি আৰক্ষীয়ে সদৰী কৰিছে সংবাদ মাধ্যমৰ আগত। চোৰাং চিকাৰী দুজনৰ পৰা এটা হাতে সজা বন্দুক উদ্ধাৰ কৰি সেনাই শিমলা আৰক্ষীক চমজাই দিয়া বুলি জানিব পৰা গৈছে। সম্প্ৰতি শিমলা আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।