মিছামাৰীঃ তেজপুৰ শালনিবাৰী বিমান বন্দৰৰ পৰা অনুশীলনৰ বাবে উৰা মৰা ছুখয়-৩০ যুঁজাৰু বিমানখন আকাশ মাৰ্গৰ পৰা সন্ধানহীন হোৱাৰ পাছত আজি দ্বিতীয় দিনাও আৰক্ষী, বায়ুসেনা, সামৰিক বাহিনী আদিয়ে বিমান খন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, মঙলবাৰে একাংশ সংবাদ মাধ্যমত যুঁজাৰু বিমান খন পুৱাৰ ভাগত সন্ধানহীন হোৱা বুলি বাতৰি সম্প্ৰচাৰিত হৈছে যদিও মিছামাৰী অঞ্চলৰ ৰাইজে সোমবাৰে সন্ধিয়া পৰত দুখন যুঁজাৰু বিমান একেলগে পশ্চিমৰ পৰা পূবলৈ অঞ্চলটোৰ উত্তৰ দিশে অৰ্থাৎ অসম-অৰুণাচলৰ সীমান্তবৰ্তী সোণাই-ৰূপাই অভয়াৰণ্যৰ ওপৰেদি আকাশ মাৰ্গত উৰা প্ৰত্যক্ষ কৰিছিল।