newsnextone.com | বঢ়মপুৰঃ এগৰাকী কিশোৰ শিল্পী। যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জীৱন্ত ছবি। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট ৰজাপথাৰ তিনিআলিৰ প্ৰভাত দাৰফাং আৰু প্ৰনামি বৰদলৈৰ এক মাত্ৰ পুত্ৰ অৰ্ণৱ দাৰফাঙৰ আছে এক বিশেষ প্ৰতিভা। বকলিয়াঘাট ভূই-বালি বিদ্যাক্ষেত্ৰৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত অৰ্ণৱে যিকোনো দৃশ্য প্ৰত্যক্ষ কৰি হুবহু অংকন কৰিব পাৰে।  

অৰ্ণৱৰ বহু ছবি ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিশেষ সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ 'জোনাকী অসমীয়াৰ চিনাকি' নামৰ আলোচনী খনত মুখ্য চিত্ৰকৰ হিচাপে নিৰ্বাচিত হয় ১২ বছৰীয়া অৰ্ণৱ দাৰফাং। শাওন মাহৰ সংখ্যাত প্ৰকাশিত চিত্ৰই সমগ্ৰ অসমত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ডাঙৰ দীঘল হোৱা বিশেষ প্ৰতিভা সম্পন্ন শিল্পীগৰাকীৰ বয়স মাথো ১২ বছৰ। ১২ বছৰ বয়সতে প্ৰতিভাৰ বলত সমাজত এক বিশেষ স্থান দখল কৰিব সক্ষম হৈছে অৰ্ণৱ দাৰফাঙে। অৰ্ণৱ দাৰফাঙে  নিজৰ প্ৰতিভাৰ বলেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

শিল্প কৰ্মৰ জৰিয়তেই নিজে স্বনিৰ্ভৰশীল হোৱাৰ আশা পুহি ৰাখি ৰাইজকো দেখুৱাইছে স্বাৱলম্বী হোৱাৰ পথ। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা শিল্পীজনে চাৰু কাৰু কলাৰ ক্ষেত্ৰত পাৰ্গত হৈ পৰিছে।

কেনভাছ-কাগজেৰে কিশোৰ শিল্পীজনে এক নিদৰ্শন দাঙি ধৰিছে। কাৰ্বি পাহাৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে দেখুৱাইছে স্বাৱলম্বীৰ পথ। ভিন্ন সুন্দৰ সুন্দৰ ছবিত প্ৰাণ দিয়া পৰিলক্ষিত হয়। ইতিমধ্যে দৌৰবিদ হিমা দাস, কাৰ্বি পাহাৰত হত্যাৰ বলি হোৱা অভি-নীলৰ ছবি অংকন কৰে।